December 13, 2025 11:45 AM | PM MODI VISIT

printer

ত্রিদেশীয় ভ্রমণসূচীৰে সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্রিদেশীয় ভ্রমণসূচীৰে অহা সোমবাৰে জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাব। নতুন দিল্লীত কালি সন্ধিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দক্ষিণৰ সচিব ড০ নীনা মালহোত্রাই প্রধানমন্ত্ৰীৰ ভ্রমণ সন্দৰ্ভত সাংবাদিকৰ আগত কয়, যে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ১৫ৰ পৰা ১৬ ডিচেম্বৰলৈ জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণমৰ্মে দেশখন ভ্ৰমণ কৰিব। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কই এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু জৰ্ডানৰ মাজত শক্তিশালী অর্থনৈতিক সম্পর্ক আছে আৰু ভাৰত হৈছে জৰ্ডানৰ তৃতীয় বৃহৎ বাণিজ্য অংশীদাৰ ।
ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্রীয়ে ১৬ৰ পৰা ১৭ ডিচেম্বৰলৈ ইথিওপিয়া ভ্ৰমণ কৰিব। এই ভ্রমণে ভাৰতৰ দক্ষিণ-দক্ষিণ সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিব। শ্রীমোদীয়ে লগতে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ এবি আহমেদ আলীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পর্যায়ত প্রধানমন্ত্রী মোদীয়ে ১৭ৰ ১৮ ডিচেম্বৰলৈ ওমান ভ্ৰমণ কৰিব। প্রধানমন্ত্ৰীগৰাকীৰ সৈতে এগৰাকী উচ্চ পৰ্যায়ৰ প্ৰতিনিধিও ওমানলৈ যাব। ভাৰত আৰু ওমানৰ মাজত বাণিজ্য, সহযোগিতা তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত বিশেষ অংশীদাৰিত্ব আছে। প্রধানমন্ত্রী মোদীৰ ওমান ভ্ৰমণৰ সময়ত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।