December 15, 2025 11:29 AM | PM Visit

printer

ত্রিদেশীয় ভ্রমণসূচীৰে জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাত্ৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্রিদেশীয় ভ্রমণসূচীৰে আজি জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাব। ভ্ৰমণৰ প্রথম পৰ্যায়ত শ্রীমোদীয়ে জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণমৰ্মে দেশখন ভ্ৰমণ কৰিব। প্রধানমন্ত্ৰীয়ে জর্ডানৰ ৰজাৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে অন্যান্য আঞ্চলিক বিষয়ত মত বিনিময় কৰিব। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্কই এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু জৰ্ডানৰ মাজত শক্তিশালী অর্থনৈতিক সম্পর্ক আছে আৰু ভাৰত হৈছে জৰ্ডানৰ তৃতীয় বৃহৎ বাণিজ্য অংশীদাৰ।
ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পর্যায়ত প্রধানমন্ত্রী মোদী কাইলৈ ইথিওপিয়ালৈ যাব। এয়া হ’ব তেওঁৰ প্ৰথমটো ইথিওপিয়া ভ্রমণ। শ্রীমোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ এবি আহমেদ আলীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পর্যায়ত প্রধানমন্ত্রী মোদী ১৭ ডিচেম্বৰত ওমানলৈ যাব আৰু তাত তেওঁ ছুলতান হেইম ইবন তাৰিকক সাক্ষাৎ কৰিব। ভাৰত আৰু ওমানৰ মাজত কূটনৈতিক সম্পৰ্কই ৭০ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব।