ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তেলেংগানাৰ চংগা ৰেড্ডী জিলাৰ ঔষধ প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণৰ ফলত ১২ গৰাকী শ্রমিক নিহত

তেলেংগানাৰ চংগা ৰেড্ডী জিলাৰ এটা ঔষধ প্ৰতিষ্ঠানত আজি সংঘটিত এটা বিস্ফোৰণৰ ফলত ১২ গৰাকী শ্রমিক নিহত হোৱাৰ লগতে ২৬ গৰাকীৰো অধিক শ্রমিক আহত হয়। চিগাচি উদ্যোগিক প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণটোৰ ফলত সমগ্র প্রতিষ্ঠানটো বিধ্বংসী অগ্নিকাণ্ডৰ কবলত পৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ কেইবাটাও দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। তেলেংগানাৰ ৰাজ্যিক শ্রম মন্ত্রী বিবেক ভেংকটাস্বামীয়ে জুইত জাহ যোৱা প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি মন্তব্য কৰে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে আহতসকলৰ বাবে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দুর্ভাগ্যজনক ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয় যে এই মর্মান্তিক দুর্ঘটনাটো অতিকৈ বেদনাদায়ক আৰু হতাহতসকলৰ পৰিয়ালবৰ্গলৈ সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব। তেওঁ লগতে বিস্ফোৰণত আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিগৰাকী নিহত শ্রমিকৰ নিকটাত্মীয়লৈ প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।