December 20, 2025 12:49 PM | AASU Meet Governor

printer

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰাৰ বাবে আছুৰ প্ৰতিনিধি দলৰ ৰাজ্যপালক সাক্ষাৎ

সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰাৰ বাবে লোক ভৱনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। ছাত্রসন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সাক্ষাৎকালত প্রতিনিধি দলটোৱে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে অসমৰ লগতে ভাৰতবৰ্ষৰ শৈক্ষিক জগতত সুকীয়া স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি কয়, যে ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপন হোৱা এই বিশ্ববিদ্যালয়খন অসমৰ গৌৰৱ। শেহতীয়াকৈ বিশ্বদ্যালয়খনত সৃষ্টি হোৱা অচলাৱস্থা সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ বিতর্কিক উপাচার্য ড০ শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, বিশ্ববিদ্যালয়ত চলি থকা দুর্নীতি, অনিয়মৰ তদন্ত কৰা, বৰ্তমান ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বিশ্ববিদ্যালয়খনৰ আটাইতকৈ জ্যেষ্ঠ অধ্যাপগৰাকীক সম্পূৰ্ণ কৰ্তৃত্ব সহকাৰে বিশ্ববিদ্যালয়ৰ পৰিচালনাৰ সুবিধা প্রদান, বিশ্ববিদ্যালয়ত প্ৰয়োজনীয় আইন সংশোধন কৰি এখন স্বতন্ত্ৰ আৰু গণতান্ত্রিক নির্বাচিত ছাত্ৰ একতা সভা গঠন কৰাৰ দাবীকে ধৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ স্মাৰক পত্ৰত উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে ছাত্ৰসন্থাৰ প্ৰতিনিধিৰ দলটোৰ সৈতে গুৰুত্বসহকাৰে আলোচনা কৰাৰ লগতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে।