December 7, 2025 7:17 PM | Tezpur university

printer

তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ

অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে নিযুক্তি দিয়া হয়। ১৯৯৩ চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইনৰ দুই নম্বৰ অনুচ্ছেদৰ ছয় নম্বৰ দফা অনুসৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী এমাহতকৈ অধিক দিন দায়িত্বৰ পৰা আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত জ্যেষ্ঠ অধ্যাপকগৰাকীয়ে ভাৰপ্ৰাপ্ত অধ্যাপকৰ দায়িত্ব গ্রহণ কৰে। ইতিপূৰ্বে এই সন্দৰ্ভত নিৰপেক্ষ তদন্তৰ দাবী জনাই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সমাজে চলোৱা প্ৰতিবাদৰ ফলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক শীঘ্ৰেই এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছিল। শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব সৌম্য গুপ্তাই আজি বিশ্ববিদ্যালয়খনৰ চৌহদত শিক্ষার্থী, ছাত্র-ছাত্রী তথা কৰ্মচাৰীসকলৰ সৈতে হোৱা আলোচনাত পূৰ্বৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিভিন্ন দিশত হোৱা অনিয়মৰ অভিযোগসমূহ লিখিতভাৱে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰে। এই পত্ৰত ড০ শম্ভুনাথ সিঙৰ বিৰুদ্ধে কঠোৰ আৰু সময়োচিত তদন্ত আৰম্ভ কৰিবলৈ উচ্চ শিক্ষা বিভাগ দায়বদ্ধ বুলিও উল্লেখ কৰা হৈছে।
উল্লেখযোগ্য যে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ্গৰাকীৰ দায়িত্ব গ্ৰহণৰ পাছত অহা ৮ ডিচেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনত হ’বলগীয়া যান্মাষিকৰ পৰীক্ষাসমূহ নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীৰ দায়িত্ব গ্ৰহণৰ পাছত ছাত্রসমাজ আশ্বস্ত হৈছে যদিও উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।