ডাউনলোড
মোবাইল এপ

android apple
signal

April 29, 2025 7:38 PM | NEP

printer

তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৫-২৬ শৈক্ষিক বৰ্ষত বি টেক, এম বি একে ধৰি ৮টা নতুন পাঠ্যক্ৰম মুকলি

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ নিৰ্দেশনা অনুসৰি দেশৰ উচ্চ শিক্ষা ব্যৱস্থাত বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ে ২০২৫-২৬ শৈক্ষিক বৰ্ষত বি টেক, এম বি একে ধৰি ৮টা নতুন পাঠ্যক্ৰম মুকলি কৰিছে। এই দ্বৈত স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰম হৈছে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এনে পাঠ্যক্ৰম, য’ত বি টেক আৰু এম বি এ-ক এটা সংহত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনে এই বছৰ আৰম্ভ কৰা অন্যান্য নতুন পাঠ্যক্ৰমসমূহৰ ভিতৰত ভাষিক আৰু ভাষা প্ৰযুক্তিৰ স্নাতক, সমাজতত্বৰ স্নাতক, সৌৰশক্তি ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ আদি পাঠ্যক্ৰম অন্যতম। তেজপুৰ বিশ্ববিদ্যালয় ইতিমধ্যে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে নামভর্তি প’ৰ্টেল মুকলি কৰিছে। শিক্ষাৰ্থীসকলক তেজপুৰ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা, GAT-B, CUET-UG AND PG, JEE-MAINS, CEED-কে ধৰি আন আন প্ৰৱেশ পৰীক্ষাসমূহৰ জৰিয়তে নামভৰ্তি কৰোৱা হ’ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা, TUEE জুনৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়খনত সম্প্ৰতি ৮৪টা শৈক্ষিক পাঠ্যক্রম আছে। আগ্রহী শিক্ষার্থীসকলে এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অহা ১০ মে’ৰ ভিতৰত www.tezu.ernet.in/academic addmission2025 যোগে অনলাইন আবেদন কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক