ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত অহা ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন আৰু আবকাৰি গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰৰ উপৰি বকেয়া ধন, ভূমি অধিগ্ৰহণ, ১০৭ ধাৰা, বেংক ঋণ, বি এচ এন এল, বিদ্যুৎ বিল, শ্রমিক সম্পৰ্কীয় আইনী ব্যৱস্থাৰ মাজলৈ নোযোৱাকৈ মীমাংসা কৰিব পৰা গোচৰ নিষ্পত্তি কৰা হ’ব। প্ৰাধিকৰণে লোক আদালতত অংশগ্ৰহণ কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে।