ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 30, 2025 11:21 AM | Scooty Distribution

printer

তৃণমূল পৰ্যায়ত কাম কৰা ৯,৭০৪ গৰাকী মহিলাক স্কুটী প্ৰদান

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পৰ্যায়ত কাম কৰা ৯ হাজাৰ ৭০৪ গৰাকী মহিলাক আজি স্কুটী প্ৰদান কৰা হ’ব। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকিব। এই মহিলাসকলক স্কুটী প্ৰদানৰ জৰিয়তে আত্মসহায়ক গোটৰ কামকাজসমূহ ত্বৰান্বিত কৰাৰ উপৰি তেওঁলোকৰ যাত্ৰাৰ ব্যয় হ্ৰাস তথা উপাৰ্জন বৃদ্ধিৰ জৰিয়তে সমৃদ্ধিশালী গাঁও নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ প্ৰয়াস কৰা হৈছে।