মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাত তুৰা বাইপাছ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৯৫১ কোটি ২৭ লাখ টকাৰ পুঁজি আৱণ্টন দিছে। জিলা সদৰ তুৰালৈ যাতায়াতৰ পথত যান-বাহনৰ হাৰ হ্ৰাস কৰাৰ লগতে নগৰাঞ্চলৰ পথ সুৰক্ষাৰ প্ৰতি দৃষ্টি আৰোপ কৰি ২৯ দশমিক শূন্য তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নিতিন গাডকাৰীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাৰ জৰিয়তে এই কথা প্ৰকাশ কৰি লগতে কয়, যে দুশৰীয়া পথ হিচাপে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত বাইপাছটোৱে ১২৭ বি নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিব।
Site Admin | June 16, 2025 7:14 PM | Tura Highway Fund Release
তুৰা বাইপাছ নিৰ্মাণৰ বাবে কেন্দ্ৰৰ ৯৫১ কোটি ২৭ লাখ টকাৰ পুঁজি আৱণ্টন