প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটলৈ যাব। এই ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে সোমনাথ স্বাভিমান পর্বকে ধৰি কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে লগতে ৰাজকোট, আহমেদাবাদ আৰু গান্ধীনগৰত কেইবাটাও উন্নয়নমূলক আৰু ৰাজনৈতিক কাৰ্যসূচীত অংশ ল’ব। উল্লেখযোগ্য যে গিৰ সোমনাথ জিলাৰ উপকুলীয় চহৰ ভেৰাভলত যোৱা বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ সোমনাথ স্বাভিমান পর্ব অনুষ্ঠিত হৈছে। ১০২৬ চনৰ জানুৱাৰীত গজনীৰ মহম্মদে প্ৰথমবাৰৰ বাবে সোমনাথ মন্দিৰত আক্ৰমণ কৰিছিল। ১৯৫১ চনত নতুনকৈ নিৰ্মাণ কৰা সোমনাথ মন্দিৰৰ এইবছৰতে ৭৫ বছৰ সম্পূৰ্ণ হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া সোমনাথ মন্দিৰত ওমকাৰ মন্ত্ৰোচ্চাৰণ কাৰ্যসূচীত অংশ ল’ব। তেওঁ লগতে মন্দিৰত এটা ড্রোন প্ৰদৰ্শনী উপভোগ কৰিব। শ্রীমোদীয়ে কাইলৈ শতিকাজুৰি সোমনাথ মন্দিৰৰ ৰক্ষাৰ বাবে জীৱন আহুতি দিয়া হাজাৰ হাজাৰ যোদ্ধাৰ সন্মানাৰ্থে আয়োজন কৰা সৌৰ্য যাত্রা শীৰ্ষক শোভাযাত্ৰাত ভাগ ল’ব। তেওঁ লগতে সোমনাথ স্বাভিমান পর্ব উপলক্ষে এখন জনসভাত অংশগ্রহণ কৰিব ।
ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজকোটলৈ যাব আৰু তাত তেওঁ মাৰোৱাৰী বিশ্ববিদ্যালয়ত কাচ্চ আৰু সৌৰাষ্ট্ৰ খণ্ডৰ ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন সভাত জনসাধাৰণক উদ্দেশি ভাষণ দিব। তেওঁ এই সন্মিলনতে বাণিজ্য মেলা আৰু প্ৰদৰ্শনী উদ্বোধন কৰিব। প্রধানমন্ত্ৰী মোদীয়ে ইয়াৰ পাছত আহমেদাবাদত নগৰীয়া পৰিবহণ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। অহা সোমবাৰে তেওঁ আহমেদাবাদত জার্মান চেঞ্চেলৰ ফ্রেড্রিক মাৰ্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল’ব। দুয়োগৰাকী নেতাই সবমতি আশ্ৰম পৰিদৰ্শন কৰাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ উপভোগ কৰিব।
Site Admin | January 10, 2026 12:03 PM | PM in Gujarat
তিনিদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুজৰাট ভ্ৰমণ