তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হৈছে। বিয়লি আৰ এছ এছৰ মুৰববীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদৰ্শনালয়ত উপস্থিত হয়। সংঘৰ শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ডাঃ ভাগৱতে সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদর্শনালয়ত বৌদ্ধিক মত-বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই মত-বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী তথা কাকত-আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্রণ জনোৱা হৈছে। পৰহিলৈ তেওঁ কবি, সাহিত্যিক, সাংবাদিক আৰু উদ্যোগপতিৰ উপস্থিতিত এখন যুৱ সন্মিলনত বক্তৃতা প্ৰদান কৰিব। ২০ নৱেম্বৰত তেওঁ অসমৰ পৰা মণিপুৰ অভিমুখে ৰাওনা হ’ব।