September 3, 2025 12:29 PM | Singapore PM in India

printer

তিনিদনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ছিংগাপুৰৰ প্ৰধানমন্ত্রী লঞ্চে ৱং নতুন দিল্লীত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে তিনিদনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ছিংগাপুৰৰ প্ৰধানমন্ত্রী লঞ্চে ৱং কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰত আদৰণি জনায়। উভয় দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। শ্ৰীৱঙে ভ্ৰমণ কালত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুকো সাক্ষাৎ কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে শ্ৰীৰঙৰ ভ্ৰমণ সন্দৰ্ভত কয়, যে ভাৰত আৰু ছিংগাপুৰৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে উভয় দেশৰ বহুদিনীয়া সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব। এই ভ্ৰমণৰ আপাহতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ছিংগাপুৰৰ সৈতে জড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। এক্ট ইষ্ট নীতিকে ধৰি উভয় দেশৰ মাজত বিভিন্ন দ্বিপাক্ষিক সম্পর্ক থকা হেঁতু ছিংগাপুৰ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সহযোগী হিচাপে পৰিগণিত হৈ আহিছে বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰে। বিগত বৰ্ষৰ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ত দেশখনৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক সৰ্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰা হৈছিল ।
ইপিনে, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কালি নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। সাক্ষাৎকালত উভয় দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ, সামৰ্থ বিকাশ, বহন ক্ষমতা, চিকিৎসা, যোগাযোগ আদি ক্ষেত্ৰত থকা সৰ্বাত্মক কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত উভয় দেশে এই খণ্ডসমূহত থকা সহযোগিতা অধিক আগুৱাই নিয়াত সহমত প্ৰকাশ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।