ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তিনিচুকীয়া জিলাৰ শদিয়াত শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়াত আজি শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। সদ্যপ্রয়াত শিল্পীগৰাকীৰ টোপচিঙা গাঁৱত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক সমবেত হৈছে। ধৰ্মীয় পৰম্পৰাৰে আয়োজিত আদ্যশ্ৰাদ্ধ উপলক্ষে এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়। এই সভাত শিল্পী মহেন্দ্ৰ হাজৰিকা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই অংশগ্ৰহণ কৰে। প্ৰয়াত শিল্পীগৰাকীৰ ন্যাসৰ এটা বিত্তীয় লেনদেন ক’ড মহেন্দ্ৰ হাজৰিকাই উন্মোচন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।