১৭ বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিৱাসী ফুটবল প্রতিযোগিতালানি আজিৰে পৰা আৰম্ভ হ’ব। অহা ৭ জানুৱাৰীলৈকে চলিবলগীয়া মাহজোৰা প্ৰতিযোগিতাখনৰ আজি বিয়লি তিনিচুকীয়া জিলাৰ ডুমডুমাত হ’বলগীয়া আৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। প্ৰতিযোগিতাত ৰাজ্যৰ ২৯ খন জিলাৰ ৮৯টা বিধানসভা সমষ্টিৰ এহেজাৰৰো অধিক দলে অংশগ্রহণ কৰিব। এই প্রতিযোগিতা চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। সাতদিনীয়া বিধান সভা সমষ্টিৰ পৰ্যায়, পাঁচদিনীয়া জিলা পৰ্যায়, চাৰিদিনীয়া আঞ্চলিক পৰ্যায়ৰ পাছত তিনিদিনীয়া ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। এইলানি প্রতিযোগিতাই জনগোষ্ঠীটোৰ খেলুৱৈসকলৰ সুপ্ত প্রতিভা বিকাশ কৰাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে।
Site Admin | December 7, 2025 12:41 PM | 𝐂𝐡𝐚 𝐉𝐚𝐧𝐚𝐣𝐚𝐭𝐢 & 𝐀𝐝𝐢𝐯𝐚𝐬𝐢 𝐅𝐨𝐨𝐭𝐛𝐚𝐥𝐥 𝐓𝐨𝐮𝐫𝐧𝐚𝐦𝐞𝐧𝐭 𝟐𝟎𝟐𝟓–𝟐𝟔
তিনিচুকীয়া জিলাৰ ডুমডুমাত ১৭ বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিৱাসী ফুটবল প্রতিযোগিতা