November 14, 2025 9:23 PM | tinisukia health

printer

তিনিচুকীয়া জিলাৰ গুইজানত অনুষ্ঠিত স্বাস্থ্য শিবিৰত ২,২৫৪ গৰাকী কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা

তিনিচুকীয়া জিলাৰ গুইজানত আজি অনুষ্ঠিত স্বাস্থ্য শিবিৰত ১৮ বছৰ অনুর্ধ ২ হেজাৰ ২৫৪ গৰাকী কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। ইয়াৰ পূৰ্বে জিলাখনৰ ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া আৰু তিনিচুকীয়া সমষ্টিৰ স্বাস্থ্য শিবিৰসমূহত প্ৰায় ১৩ হাজাৰ ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। আজিৰ শিবিৰৰ সামৰণিৰ পিছত জিলা স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি জিলাখনত আটাইকেইটা সমষ্টিত মুঠ ১৫ হাজাৰ ১৩৯ টা শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে এহেজাৰ ৭৭৬ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আদিলৈ প্ৰেৰণ কৰা হয়। গুইজান সমুহীয়া স্বাস্থ্য কেন্দ্ৰৰ খেলপথাৰত অনুষ্ঠিত এই অন্তিমটো শিবিৰ উদ্বোধনী অনুষ্ঠানত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা উপস্থিত থাকে। মূলতঃ ১৮ বছৰ বয়সৰ অনুৰ্ধৰ কিশোৰ-কিশোৰীৰ বাবে এই স্বাস্থ্য মেলাৰ আয়োজন কৰা হৈছে যদিও প্ৰয়োজন অনুসৰি অন্যান্য ৰোগীকো এই চিকিৎসা সেৱা প্ৰদান কৰা হয়। ইতিমধ্যে অঙ্গনবাড়ী কেন্দ্র, আশা কৰ্মী, বিদ্যালয় আদিৰ জৰিয়তে সমষ্টিটোত এহেজাৰ ৭১৪ টা অসুস্থ শিশু চিনাক্ত কৰি এই স্বাস্থ্য শিবিৰত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।