November 28, 2024 8:03 PM | Akashvani | Tinisukia

printer

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত আলোচনা কৰিবলৈ আজি জিলাখনৰ আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ নিৰীক্ষণ সমিতিৰ এই বৈঠকত কোনো যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিৰ সুবিধা গ্ৰহণৰ পৰা বাদ পৰি নাযায় সেই বিষয়ে গুৰুত্ব আৰোপ কৰা হয়। সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।