ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

Image

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে।

Image

এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ ৪০ লাখ মহিলাৰ ভিতৰত ৮ লাখ মহিলাক ইতিমধ্যে লাখপতি বাইদেউলৈ উন্নীত কৰা হৈছে। ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যাৰ প্ৰত্যেককে লাখপতি বাইদেউলৈ উন্নীত কৰাৰ প্রচেষ্টা চলোৱাৰ উপৰি এইক্ষেত্ৰত তিনিবছৰীয়া পৰিকল্পনা হাতত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, ভাস্কৰ শৰ্মা, অসম ৰাজ্যিক জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইপিনে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ সময়তে জনজাতিকৰণৰ দাবীত চাহ জনগোষ্ঠীৰ লোকসকলে বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিওৱা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয়, যে এই দাবী হৈছে তেওঁলোকৰ ন্যায্য দাবী আৰু এই প্ৰতিবাদৰ প্ৰতি চৰকাৰৰো সমৰ্থন আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাৰ নৱনিৰ্মিত আৱৰ্ত ভৱন চৌহদত এটি গছপুলি ৰোপণ কৰে। ড০ শর্মাই আজি ডিব্ৰুগড় জিলাত এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পৰীক্ষণ কেন্দ্ৰটো মুকলি কৰি মুখ্যমন্ত্রীয়ে কয়, যে এই কেন্দ্ৰটোৱে পথ দুৰ্ঘটনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰটোত প্রতি ঘণ্টাত দহখনকৈ গাড়ীৰ উপযোগিতা পৰীক্ষা কৰা হ’ব। ডিব্ৰুগড়ৰ এই কেন্দ্ৰটোৱে জিলাখনৰ লগতে তিনিচুকীয়া আৰু ধেমাজি জিলাৰ যান-বাহন উপযোগিতাৰ দ্রুত পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰাত সহায় কৰিব। শেহতীয়াকৈ বিশ্বনাথ আৰু যোৰহাট জিলাত স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। পৰৱৰ্তী সময়ত বৰপেটা, মঙলদৈ আৰু বৰপুৰত এনে কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।