অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। শ্রীসিঙে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সেনা বাহিনীৰ শীৰ্ষ বিষয়া, চোৰাংচোৱা বিষয়া, শদিয়া আৰু তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰে। এই বৈঠকত শেহতীয়াকৈ তিনিচুকীয়াত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ বৃদ্ধি, সীমান্তৰ নিৰাপত্তা আৰু সেনা বাহিনীৰ শিবিৰত সংঘটিত আক্রমণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত সঞ্চালক প্ৰধানগৰাকীয়ে আলফা স্বাধীনক আলোচনালৈ আহিবলৈ আহ্বান জনায়। তেওঁ আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পোষকতা কৰে।
Site Admin | October 26, 2025 12:14 PM | Assam Police
তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পর্যালোচনা বৈঠক