ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 25, 2024 11:20 AM | Women Cricket

printer

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ হাতত নিউজিলেণ্ড পৰাস্ত

ভাৰতীয় মহিলা ক্রিকেট দলে কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডক ৫৯ ৰানত পৰাস্ত কৰে। নিউজিলেণ্ড ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪০ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ ৰাধা যাদৱে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ছাইমা ঠাকোৰে দুটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৪ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২২৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ তেজল হছবনিচে সৰ্বাধিক ৪২ ৰান কৰে। দিপ্তী শৰ্মাই ৪১ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই। দিপ্তী শৰ্মাক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।