তামুলপুৰ জিলাৰ চেঁচাপানীত আজি তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সভাখনত তামুলপুৰ জিলাৰ আয়ুক্ত, জিলাখনৰ বন বিভাগৰ বিষয়াৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংস্থাৰ বিষয়-ববীয়াই হাতী-মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাখনত হাতীৰ খাদ্যৰ বাবে খেতি কৰা তথা ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত অধিক মাত্ৰাত গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সভাখনতখন বিভাগ তৰফৰ পৰা ৰাইজৰ মাজত উন্নত মানৰ টর্চ লাইট বিতৰণ কৰা হয়। লগতে বনৰীয়া হাতীৰ উপৱৱত নষ্ট হোৱা ধানখেতিৰ ক্ষতিপূৰণ তথা হাতীৰ আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰেই ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও উপস্থিত ৰাইজক জানিবলৈ দিয়া হয়।
Site Admin | December 26, 2025 5:59 PM | Akashvani | Akashvani Guwahati | Local news | Tamulpur District
তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা