ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তামুলপুৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি জিলা দণ্ডাধীশৰ বিশেষ নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাত সমাগত বি টি চি নির্বাচন উপলক্ষে শান্তি-শৃংখলা বজাই ৰাখি নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তী ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনৰ ভিতৰত অনুজ্ঞাপত্ৰ থকা বন্দুক তথা অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই আদেশৰ পৰা নিৰ্বাচনী দায়িত্বত নিয়োজিত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক ৰেহাই দিয়া হৈছে। ইয়াৰ লগতে ক্ৰীড়াৰ বাবে ৰাইফল ব্যৱহাৰ কৰিবলগীয়া ৰাষ্ট্ৰীয় ৰাইফলছ এছোচিয়েচনৰ সদস্যসকলে প্ৰশাসনৰ ওচৰত উচিত প্ৰমাণ-পত্ৰ দাখিল কৰিহে সেইসমূহ ব্যৱহাৰ কৰিব পাৰিব। কালিৰে পৰা বলবৎ হোৱা এই নির্দেশনা নির্বাচনী প্রক্রিয়া সম্পূর্ণ নোহোৱালৈ বলবৎ থাকিব।