তামুলপুৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত

তামুলপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত আজি এখন দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহযোগত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে জিলাখনৰ সকলো স্কুল কৰ্তৃপক্ষক সামৰি বিদ্যালয়ৰ সুৰক্ষা আৰু দুৰ্যোগৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। বিশেষকৈ ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন কৰা হ’ব। অহা ২৯ অক্টোবৰত পুৱা জিলাখনৰ ৪১ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ভূমিকম্প আৰু অগ্নিনির্বাপন সন্দৰ্ভত অনুশীলন অর্থাৎ মকড্রিল অনুষ্ঠিত হ’ব। এই অনুশীলনে ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি ৰাইজক দুৰ্যোগৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত বিশেষকৈ সহায় কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।