বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য প্রকাশ বসুমতাৰীয়ে আজি তামুলপুৰৰ সমাজ কল্যাণ বিভাগত ৱান ষ্টপ নামৰ এটা কাৰ্যালয় গৃহ উন্মোচন কৰে। ইয়াৰ পাছতে শ্রীবসুমতাৰীয়ে নাগ্ৰীজুলিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয় পৰিদৰ্শন কৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰি বিভিন্ন অভাৱ-অভিযোগৰ বুজ লয়। তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে প্ৰকাশ বসুমতাৰীৰ এই ভ্ৰমণকালত তেওঁৰ সংগ দিয়ে।
Site Admin | November 21, 2025 8:48 PM | Tamulpur
তামুলপুৰৰ সমাজ কল্যাণ বিভাগত ৱান ষ্টপ নামৰ কাৰ্যালয় গৃহ উন্মোচন