মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে।
জিলাখনৰ পথালিকুছিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰি আৰু বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহিলাসকলৰ সবলীকৰণৰ জৰিয়তে গ্রাম্য অর্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰাশিৰ সঠিক ব্যৱহাৰ কৰি উপকৃত হ’বলৈ আহ্বান জনায়। এই ধনৰ সদব্যৱহাৰ কৰা মহিলাসকলক পৰবৰ্তী সময়ত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
অনুষ্ঠানত ভাষণ দি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যত বৰ্তমান জনজাতিৰ স্বীকৃতিপ্রাপ্ত যিসমূহ জনগোষ্ঠী আছে তেওঁলোকৰ অধিকাৰ খৰ্ব নোহোৱাকৈ বি টি চি অঞ্চলত থকা কোচ ৰাজবংশী বা আন আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে।