ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তামিল ভাষা অতি প্রাচীন ভাষা, এন ডি এ চৰকাৰে তামিল ভাষাক সদায় সুৰক্ষা দি আহিছেঃ জে পি নাড্ডা

বিজেপিৰ সভাপতি জে পি নাড্ডাই তামিল ভাষাক অতি প্রাচীন ভাষা বুলি উল্লেখ কৰি কয় যে, এন ডি এ চৰকাৰে তামিল ভাষাক সদায় সুৰক্ষা দি আহিছে। তামিলনাডুৰ ছিদাম্বমত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি তেওঁ কয় যে, কংগ্ৰেছ আৰু ডি এম কে মিত্ৰজোঁটে তামিলনাডুৰ সাংস্কৃতিক ঐতিহ্য দুর্বল কৰি ৰাজ্যখনৰ জনসাধাৰণক প্ৰতাৰণা কৰি আহিছে। তেওঁ লগতে কয় যে, প্ৰাধীনমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নীতি সমূহৰ বাবে কোভিড-১৯ মহামাৰীৰ পাছতো ভাৰতৰ অৰ্থনীতিয়ে বিশ্বৰ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। নির্মাণ খণ্ডত ভাৰতে উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰী নাড্ডাই কয় যে, বিজেপিয়ে বিগত ১০ বছৰৰ সাফল্যসমূহৰ প্ৰচাৰ চলোৱা উচিত। জনসাধাৰণে কংগ্ৰেছ আৰু ডি এম কে মিত্ৰজোঁটক প্রত্যাখ্যান কৰিছে বুলি তেওঁ সমালোচনা কৰে। বিভিন্ন সাফল্যৰ বিষয়ে উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেইবাকোটি বিত্তীয় সাহায্য আগবঢ়োৱাৰ বিপৰীতে ৰাজ্য চৰকাৰখনে এই কাম-কাজসমূহ নিজে কৰা বুলি মিছা প্ৰচাৰ চলাই আহিছে।