● তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জন লোক আহত হয়। ইয়াৰে এখন বাছ তিৰুপুৰৰ পৰা কাড়াইকুড়ি অভিমুখে গৈ আছিল আৰু আনখন ডিনডিগুল জিলাৰ পৰা কাড়াইকুড়ি অভিমুখে আহি আছিল। তিৰুপটুৰ এলেকাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত সংঘটিত এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোৰ লোক আৰু সুস্থ অৱস্থাত থকা যাত্ৰীসকলৰ সহযোগত ভগ্ন বাছ দুখনৰ তলত আৱদ্ধ হৈ ৰোৱা ভালেসংখ্যক লোকক উদ্ধাৰ কৰা হয়।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুমুৱে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও এই দুৰ্ঘটনাত শোক প্রকাশ কৰি আহত সকলৰ শীঘ্ৰেই আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।