তামিলনাডুৰ কাৰুৰত এটা ৰাজনৈতিক সমদলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ৫০ জনতকৈও অধিক লোক ৰাজ্যখনৰ বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে। কালি সংঘটিত এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকতাত্মীয়লৈ তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে ১০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। একেদৰে আই চি ইউত চিকিৎসাধীন হৈ থকা আঘাতপ্রাপ্ত লোকসকলৰ চিকিৎসাৰ বাবে এক লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তামিলনাড়ু উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণা জগদীছান নেতৃত্বাধীন এজনীয়া আয়োগৰ অধীনত এই দুৰ্ঘটনাৰ অনুসন্ধানৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে অভিনেতা তথা ৰাজনীতিক বিজয়ৰ তামিলাগা বেট্টি কাজহাগামে এই সমদলৰ উদ্যোগ গ্ৰহণ কৰিছিল। অভিনেতা বিজয়ে এই দুৰ্ঘটনাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাবহ দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে শোকসন্তপ্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লোকসকলৰ আশুআৰোগ্য কামনা কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে এটা বাৰ্তাত কয়, যে কাৰুৰত সংঘটিত এই দুর্ঘটনা সঁচাকৈয়ে এক প্রকাশ কৰিব নোৱাৰা বেদনা। উপ-ৰাষ্ট্ৰপতিগৰাকীয়েও শোকসন্তপ্ত পৰিয়ালসমূহলৈ তেওঁ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লোকসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই কঠিন সময়ত ধৈৰ্য্য ধৰিবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায়। শ্রী মোদীয়ে আহত লোকসকলৰ আশুআৰোদ্য কামনা কৰে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সি, কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান আদিয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷
Site Admin | September 28, 2025 12:07 PM | Tamil Nadu Karur stamped
তামিলনাডুৰ কাৰুৰত এটা ৰাজনৈতিক সমদলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি
