ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 5, 2025 10:49 AM | Amit Shah

printer

তামিলনাডুত সদগুৰু জাগচী বাসুদেৱক কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সাক্ষাৎ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি তামিলনাডুত আধ্যাত্মিক গুৰু তথা ঈছা ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক সদগুৰু জাগচী বাসুদেৱক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে আধ্যাত্মিক গুৰুগৰাকীক সাক্ষাৎ‍ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। শ্ৰী সদগুৰুৱে ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰচাৰৰ লগতে সমাজ সংস্কাৰৰ বাবে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। সদগুৰু জাগচীবাসুদেৱেও কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক লগ পাই আনন্দ অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে।
পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গ্ৰীণ হেণ্ডছ প্ৰকল্প, ৰেলী ফ’ৰ ৰিভাৰ্ছ আৰু জার্নী টু ছেভ ছইল আদি বিভিন্ন পদক্ষেপেৰে শ্ৰী সদগুৰুৱে সমাজৰ প্ৰতি বিশেষ অৰিহণা আগবঢ়াইছে। তেওঁৰ এই অৰিহণাৰ বাবে ২০১৭ চনত ভাৰত চৰকাৰে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰিছিল।