December 7, 2024 8:43 PM | Bangladesh

printer

ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্রী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন ভাৰতীয় উচ্চায়োগৰ

বাংলাদেশত থকা ভাৰতীয় উচ্চায়োগে কালি ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্রী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন কৰে। উল্লেখযোগ্য যে ১৯৭১ চনৰ ৬ ডিচেম্বৰত ভাৰতে বাংলাদেশক স্বাধীনতা লাভৰ ১০ দিন পূর্বেই এখন স্বাধীন সর্বভৌম দেশ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই উপলক্ষে দিয়া ভাষণত বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত প্রণয় বার্মাই এই উপলক্ষক এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে উল্লেখ কৰি কয়, যে ই হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কৰ এটা স্থায়ী অনুপ্ৰেৰণামূলক উৎস। উচ্চায়ুক্ত গৰাকীয়ে কয়, যে যুৱ প্ৰজন্মই ভাৰত-বাংলাদেশৰ সম্পৰ্কক ভৱিষ্যতে অধিক সুদৃঢ় কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব। তেওঁ উভয় দেশৰ মাজত যোগাযোগ, সংস্কৃতি, বাণিজ্য আদি ক্ষেত্ৰত থকা সাম্প্রতিক আন্তঃনিৰ্ভৰশীলতা অধিক বৃদ্ধি পোৱাৰ লগতে শক্তিশালী হৈ উঠিব বুলিও আশা প্রকাশ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।