ডাউনলোড
মোবাইল এপ

android apple
signal

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচী

গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা, প্ৰীতি দিগবলয়ত গতিশীল গীত গাই সমাজত নতুন সাহৰ সঞ্চাৰ কৰা বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্বল নিদৰ্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি কৃতজ্ঞ অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্রদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশতো শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত ড০ ভূপেন হাজৰিকাৰ গীতসমূহ যথাৰ্থতে সমাজৰ নিপীড়িতসকলৰ আশা-আকাংশা আৰু সাধাৰণৰ মানুহৰ সপোনৰ বাহক আছিল বুলি উল্লেখ কৰে। অবিস্মৰণীয় ব্যক্তিত্বৰ শিল্পীগৰাকী বিশ্বৰ সন্মুখত অসমৰ এখন অভিজাত দুৱাৰ সদৃশ বুলি মুখ্যমন্ত্ৰীয়ে মত প্রকাশ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অহা ১৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ সুধাকণ্ঠলৈ শ্রদ্ধা নিবেদন কৰিব বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে শ্রীমোদীয়ে শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা জনাই ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰা এটা বিশেষ মুদ্ৰা উন্মোচন কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি বৰেণ্য শিল্পীগৰাকীৰ জীৱন সম্বলিত এখন গ্রন্থও প্রধানমন্ত্রীয়ে উন্মোচন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি অৰুণাচল প্ৰদেশ, মেঘালয়, মুম্বাই আৰু নতুন দিল্লীত ৰাজ্য চৰকাৰে অনুষ্ঠানৰ আয়োজন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নতুন দিল্লীৰ অসম ভৱনতো আজি সুধাকণ্ঠৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।
শ্রীলংকাত থকা ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই উপলক্ষে ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই মানুহে মানুহৰ বাবে শীৰ্ষক গীতটিৰ সিংহলী আৰু তামিল সংস্কৰণ মুকলি কৰে ।
অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ্ত ৩৩ খন জিলা সাহিত্য সভা আৰু এহেজাৰখন শাখা সাহিত্য সভাৰ জৰিয়তে আজিৰেপৰা ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ উপৰি দেশে-বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
তিনিচুকীয়া জিলাৰ গুইজানত আজি ড০ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিস্তীৰ্ণ পাৰৰে শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ৰ উদ্যোগত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰত নৌকা যাত্ৰাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আজি থানা চাৰিআলিত সুধাকণ্ঠ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।
শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে আজি মানুহে মানুহৰ বাবে শীৰ্ষ বাণী সাৰোগত কৰি ডিব্ৰুগড়ত ২০ গৰাকী ফিজিঅ’ থেৰাপিষ্টে অসম চিকিৎসা মহাবিদ্যালয়ত ৰক্তদান কৰে। ইপিনে শিৱসাগৰ জিলা আয়ুক্তই আজি শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আনুষ্ঠানিকভাৱে অনুভাস যন্ত্ৰ উদ্বোধন কৰা হয়। ইয়াৰ জৰিয়তে প্রাতঃস্মৰণীয় শিল্পীগৰাকীৰ গীতসমূহ প্ৰচাৰ কৰা হ’ব। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা সাংস্কৃতিক বিভাগৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশগ্ৰহণ কৰে।
হোজাই জিলা ছাত্ৰ সন্থাইও আজি কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰে। ডিফু সাহিত্য সভাৰ উদ্যোগত আজি ৰাংচিনা ভৱনত এই কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ দিখৌপৰীয়া শিল্পী সমাজ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত আজিৰ দিনটো গানৰ দিন হিচাপে উদযাপন কৰে।
বৰাক উপত্যকাৰ আটাইকেইখন জিলাতে আজি বৰেণ্য শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বর্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়।
নগাঁও জিলাতো আজি শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে কলঙৰ বাকৰি নেহৰুবালিত ৬ হাজাৰৰো অধিক ছাত্ৰ- ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীয়ে সমস্বৰে মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰে।
তেজপুৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক গীতেৰে মানৱ শৃংখল আৰু শতাব্দীৰ সুবাস শীর্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷
গুৱাহাটী মহানগৰীতো শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সংগঠনটোৱে আজি সন্ধিয়া দীঘলীপুখুৰী পাৰত উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। এই উপলক্ষে এশ গছি বন্তি প্ৰজ্বলনৰ পাছত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
বৰপেটাত আজি কিংবদন্তি শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় । বৰপেটা জিলা সাহিত্য সভা আৰু ফিল্ম ছ’চাইটীৰ উদ্যোগত আজি অনুষ্ঠান উদযাপন কৰা হয়। এই উপলক্ষে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৰচনা কৰা বিহঙ্গম দৃষ্টিত ড০ ভূপেন হাজৰিকা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়৷
বজালী জিলাতো আজি সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত শিল্পীগৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁৰ সৃষ্টিৰাজীৰ বিশ্লেষণ কৰা হয় ৷ ধুবুৰী আৰু গোৱালপাৰা জিলাতো আজি সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ আৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে ৫ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে শিল্পীগৰাকীৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰে।
মৰিগাঁও আৰু কামৰূপ জিলাতো আজি শিল্পীগৰাকী জন্ম শতবৰ্ষৰ আৰম্ভণি উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়৷
মঙলদৈত আজি শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে চাৰি শতাধিক নবীন-প্রবীণ আবৃত্তিকাৰে মৃত্যু জিনাৰ গান কবিতাটি আবৃত্তি কৰে। গোৱালপাৰা মহাবিদ্যালয়ত আজি ডেৰ শতাধিক আবৃত্তিকাৰে ‘মৃত্যু জিনাৰ গান’ কবিতাটি পৰিবেশন কৰে। কামৰূপ জিলাত এই উপলক্ষে মানৱ শৃংখল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যৰ প্ৰতিটো প্ৰান্ত আজি এনেদৰে সুধাকণ্ঠৰ গীত, কবিতাৰে নিনাদিত হৈ উঠা পৰিলক্ষিত হয়।