ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ড° অজয় কুমাৰক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ড° কুমাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যাকাল আৰম্ভ হ’ব। ড° কুমাৰ ১৯৮৫ বেছৰ কেৰালা কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। তেওঁ ইয়াৰ পূৰ্বে ২০১৯ চনৰ পৰা ২০২২ চনৰ অক্টোবৰলৈকে প্ৰতিৰক্ষা সচিব হিচাপে কৰ্মৰত আছিল।
Site Admin | May 14, 2025 7:47 PM | UPSC New Chairman
ড° অজয় কুমাৰক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ