December 31, 2025 8:18 PM | New Flying Officer

printer

ড০ হেমেন কুমাৰ কলিতাক ভাৰতীয় বায়ু সেনাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ হেমেন কুমাৰ কলিতাক ভাৰতীয় বায়ু সেনাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে। শৈক্ষিক দায়িত্ব পালন কৰি থকা অৱস্থাত ভাৰতীয় বায়ু সেনাত নিযুক্তি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষক হিচাপে এই সাফল্য অর্জন কৰি ড০ কলিতাই বিশ্ববিদ্যালয়লৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। ড০ কলিতাই প্রি-কমিচন প্রশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি সমগ্র প্রশিক্ষণ কালত শৃংখলা, নেতৃত্ব গুণ আৰু পেচাদাৰী দক্ষতাৰ নিদৰ্শন দাঙি ধৰে। তেওঁ ক্রমে অফিচাৰ্ছ ট্রেইনিং একাডেমী আৰু এয়াৰফোৰ্চ ষ্টেচন টাম্বাৰামত দুটা পৰ্য্যায়ত হোৱা প্রশিক্ষণত তেওঁ সুখ্যাতি অর্জন কৰে। উল্লেখযোগ্য যে, যোৱা ২৬ ডিচেম্বৰত ভাৰতীয় বায়ুসেনাই পৰম্পৰা অনুসৰি আয়োজিত এটা অনুষ্ঠানত তেওঁ এই পদবী লাভ কৰে। নতুন দায়িত্বত ড০ কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন চি চি কেডেটসকলক প্রশিক্ষণ, দিক-নির্দেশনা আৰু প্ৰেৰণা প্ৰদান কৰি তেওঁলোকক সততা, সেৱা আৰু দেশপপ্ৰেমৰ মূল্যবোধেৰে কৰ্ম-জীবন গঢ়িবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।