ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্রালয়ৰ বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন

ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্রালয়ে আজি নতুন দিল্লীত এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গুৰু উদ্যোগ ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিৱাস বাৰ্মাই সংবিধান সভাৰ এগৰাকী সদস্য আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ মুখাৰ্জীৰ প্ৰধান ভূমিকা আৰু অৱদান সন্দৰ্ভত আলোকপাত কৰে। ভাৰতৰ ঔদ্যোগিক খণ্ড আৰু প্রতিষ্ঠানগত উন্নয়নৰ বাবে প্ৰয়াত মুখাৰ্জীৰ মৌলিক অৱদান সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়ায়। ড০ মুখার্জীক এগৰাকী প্ৰথিতযশা পণ্ডিত, ৰাষ্ট্র নির্মাতা, নির্ভীক সাংসদ আৰু শিক্ষাবিদ বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে এখন ৰাষ্ট্ৰ, এখন সংবিধানৰ আদৰ্শৰ প্ৰতি তেওঁৰ দৃঢ় বিশ্বাস আৰু তেওঁৰ সাহসক স্মৰণ কৰে।
ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ অনুষ্ঠানত তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনেৰে এখন চুটি ছবিও প্ৰদৰ্শন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।