ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দৰ্ভত কৰ্ণধাৰ সমিতিৰ প্ৰথম বৈঠক

ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি দিছপুৰৰ লোকসেৱা ভৱনত কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জন্ম শতবার্ষিকী উদযাপনৰ কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ড০ ভূপেন হাজৰিকাৰ জীৱন-ভিত্তিক এখন গ্রন্থ প্রকাশ কৰা হব। অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা এই গ্রন্থখন ২৩টা ভাষালৈ অনুবাদ কৰা হব। ৰাজ্যৰ ১০ লাখ পৰিয়াললৈ এই গ্রন্থখন প্ৰেৰণ কৰা হব। ইয়াৰ লগতে দেশৰ ৪ লাখতকৈও অধিক শিক্ষানুষ্ঠান, পুথিভঁৰালত এই গ্ৰন্থখন ৰখা হব বুলি তেওঁ কয়।