ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত বঙাইগাঁও আৰু ধুবুৰী জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মাজুলীত নন্দিতা গাৰ্লোৰ্ছা, শিৱসাগৰত ডাঃ ৰণোজ পেগু, দক্ষিণ শালমৰাত কেশৱ মহন্ত, ওদালগুৰিত উৰ্খাও গৌৰা ব্ৰহ্ম আৰু কাৰ্বি আংলঙত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত স্কুটী আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।