লোকসভাৰ অধ্যক্ষ ওম বিৰলা, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি পতাকা জোকাৰি ড০ আম্বেদকাৰ নগৰ-কোটা-নতুন দিল্লী এক্সপ্ৰেছ ৰে’লগাড়ীখন মুকলি কৰে। এই অনুষ্ঠানৰ বাবে অধ্যক্ষ শ্রীবিৰলই কোটাত উপস্থিত হোৱাৰ লগতে মুখ্যমন্ত্রী ড০ যাদৱ তথা ৰেলমন্ত্রী শ্রীবৈষ্ণৱে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অংশগ্রহণ কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্রী সাবিত্রী ঠাকুৰো এই অনুষ্ঠানৰ বাবে ড০ আম্বেদকাৰ নগৰত উপস্থিত থাকে। ৰেলগাড়ী মুকলি অনুষ্ঠানত অংশগ্রহণ কৰি অধ্যক্ষ শ্রীবিৰলাই কয়, যে এই ৰেলগাড়ীখনৰ জৰিয়তে ৰাজস্থানৰ শিক্ষাৰ মূল কেন্দ্র কোটা, ধর্মীয় কেন্দ্র উজ্জয়িন তথা মধ্য প্রদেশৰ বাণিজ্যিক কেন্দ্ৰ ইন্দোৰৰ জনসাধাৰণ উপকৃত হ’ব। সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ জয়ন্তীত তেওঁৰ জন্মস্থানৰ পৰা এনে এখন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকিবলৈ পোৱাটো শ্রীবিৰলাই পৰম সৌভাগ্য বুলি প্রকাশ কৰে। ইপিনে শ্রীবৈষ্ণৱে এই ৰে’লখনক এখন গুৰুত্বপূৰ্ণ ৰে’ল বুলি উল্লেখ কৰে। তেওঁ কয়, যে এই ৰে’লখনৰ জৰিয়তে ৰে’ল মন্ত্ৰ্যালয়ে ২০২৮ বৰ্ষত হ’বলগীয়া উজ্জয়নি কুম্ভমেলাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। মন্ত্রীগৰাকীয়ে লগতে কয়, যে বাজেটত মধ্যপ্ৰদেশৰ বাবে ১৪ হাজাৰ ৭৪৫ কোটি টকা ব্যয় সাপেক্ষ আৰু ৰাজস্থানৰ বাবে ৯ হাজাৰ ৯৬০ কোটি টকা ব্যয় সাপেক্ষ ৰে’ল প্ৰকল্পৰ বাবে অনুমোদন জনোৱা হৈছে।
মন্ত্রী শ্রীসাবিত্রী ঠাকুৰে অঞ্চলটোৰ বাবে এনে এখন বিশেষ ৰেলগাড়ী উপহাৰ দিয়াৰ বাবে ৰেল মন্ত্ৰ্যালয়ক ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা প্রকাশ কৰিছে।
Site Admin | April 14, 2025 10:34 AM | Ambedkar Nagar-Kota-New Delhi Express Train
ড০ আম্বেদকাৰ নগৰ-কোটা-নতুন দিল্লী এক্সপ্ৰেছ ৰে’লগাড়ী লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ দ্বাৰা মুকলি
