October 3, 2024 7:48 PM | BJP Claim

printer

ড্ৰাগছ চিণ্ডিকেটৰ মূল অভিযুক্ত কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছে : বিজেপি

বিজেপিয়ে আজি অভিযোগ কৰি কৈছে যে দিল্লীত কালি উৎখাত কৰা ড্ৰাগছ চিণ্ডিকেটৰ মূল অভিযুক্ত কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে অভিযোগ কৰি কয় যে যুৱ কংগ্ৰেছৰ তথ্য জনাৰ অধিকাৰ কোষৰ মুৰববীগৰাকী এই কাণ্ডৰ সৈতে জড়িত হৈ আছে। তেওঁ কংগ্ৰেছ নেতা দ্বীপেন্দ্ৰৰ হুদাৰ ম’বাইলৰ পৰা অভিযুক্তজনৰ সবিশেষ পোৱা গৈছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে কংগ্ৰেছ দলে এই ঘটনাৰ লগত জড়িত অভিযোগ সন্দৰ্ভত উত্তৰ দিব লাগে। দিল্লী আৰক্ষীয়ে কালি অভিযান চলাই ৫ হাজাৰ ৬০০ কোটি টকাৰ অবৈধ ড্রাগ্‌ছ জব্দ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।