ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 21, 2024 8:23 PM | Bhupender Yadav

printer

ডেৰাডুনত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ প্ৰশিক্ষাৰ্থীৰে যোগাভ্যাসত অংশগ্ৰহণ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি ডেৰাডুনৰ ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীত আয়োজিত যোগ অনুশীলনৰ বিশেষ কাৰ্য্যসূচীত ভাৰতীয় বন সেৱাৰ শিক্ষা নবিচ আৰু ৰাজ্যিক বনসেৱা একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে যোগাভ্যাসত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এটি গছপুলি মাতৃৰ নামত অভিযানৰ অধীনত ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এটা কাৰ্য্যসূচীত মাতৃ বন প্ৰতিষ্ঠা কৰে। তেওঁ একোটিকৈ গছপুলি ৰোপণ কৰি এই অভিযানত অংশগ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। এই কাৰ্য্যসূচীত শ্ৰীযাদৱে শিক্ষা নবিচ আৰু প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বন্য প্ৰাণী, জৈৱ বৈচিত্ৰ্য আৰু বনাঞ্চল তথা ইয়াৰ আশে-পাশে থকা লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বনৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।