ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰে কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰৰ উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই দেশৰ ৯খন প্ৰভাৱিত ৰাজ্যত ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, দেশত ডেংগীৰ ফলত হোৱা মৃত্যুৰ হাৰ ১৯৯৬ চনত ৩.৩ শতাংশৰ পৰা ২০২৩ চনত ০.১৭ শতাংশলৈ হ্ৰাস পাইছে৷ সচিবগৰাকীয়ে ৰাজ্য আৰু পৌৰসভাসমূহক ডেংগীৰ প্ৰাদুৰ্ভাৱ সময়মতে নিয়ন্ত্ৰণৰ বাবে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও তেওঁ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰভাৱিত এলেকা চিনাক্তকৰণ, চোৱাচিতা বৃদ্ধি কৰা আৰু ৰোগীক জিঅ’টেগিং কৰাৰ পৰামৰ্শ দিয়ে। এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ লগতে দিল্লী, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, আৰু পশ্চিমবংগৰ সচিব আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলে অংশগ্রহণ কৰে। আহমেদাবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, হায়দাবাদ, আৰু মুম্বাইকে ধৰি এই ৯খন ৰাজ্যৰ মুঠ ১৮খন পৌৰ নিগমে বৈঠকত অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে, কৰ্ণাটক, কেৰালা, তামিলনাডু, আৰু মহাৰাষ্ট্ৰত ডেংগীত সৰ্বাধিক লোক আক্ৰান্ত হৈছে

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।