ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেল অসমৰ বড়োলেণ্ড এফ চিয়ে পাঞ্জাব এফ চিক ১-০ গ’লত পৰাস্ত কৰি বৃহৎ অঘটন ঘটায়। খেলখনৰ ৬৯ মিনিটত কৰ্ণাৰ কিকৰ বল হেডেৰে ৰবিনচনে নির্ণায়ক গ’লটো দিয়ে। বড়োলেণ্ড এফ চিয়ে এই জয়েৰে প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিছে। কোকৰাঝাৰ দলটোৱে লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল ড্র’ খেলিলেও কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব।