ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডুৰাণ্ড কাপৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ’ব। খেলখন কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত খেলোৱা হ’ব।
ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ১৬ বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক ২-১ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ দ্বিতীয়াৰ্ধত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ হৈ মাইকেল কৰ্টাজাৰে প্ৰথমটো গল দিয়ে যদিও তাৰ কিছু সময়ৰ পাছতে ইষ্ট বেংগলৰ আনোৱাৰ আলীয়ে সমতা স্থাপন কৰে। পাছত ডায়মণ্ড হাৰ্বাৰৰ জবিয়ে দলৰ হৈ বিজয়সূচক গ’লটো দিয়ে।
নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলং লাজং এফ চিক ১-০ গ’লত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।