ডাউনলোড
মোবাইল এপ

android apple
signal

ডুমডুমা ৰে’লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল প্ৰশাসনলৈ পত্ৰ ৰে’লৱে পৰিষদৰ

■ ৰে’লৱে পৰিষদে ডিব্ৰু-শদিয়া ৰে’লপথৰ ডুমডুমা ৰে’লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য বাণিজ্যিক পৰিচালকলৈ প্ৰেৰণ কৰা এই পত্ৰখনত যাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আৰু টীকট কাউণ্টাৰ স্থাপন সন্দৰ্ভতো উত্তৰ বিচৰা হৈছে। ৰে’লৱে পৰিষদৰ যান-বাহন বাণিজ্যিক শাখাৰ যুটীয়া সঞ্চালক নিশিথ লুকাছ টিাই যোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেক অহা ২১ জুলাইৰ ভিতৰত এই পত্ৰৰ বিশদ প্রতিবেদন দাখিল কৰিবলৈ স্পষ্ট কৰি দিছে।
উল্লেখযোগ্য যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ গুণগত মান উন্নীত কৰাৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰে যোৱা ১ জুলাইত ৰে’লৱে পৰিষদলৈ এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছিল। ৰে’ল সেৱাৰ বিষয়ত উদ্বেগ প্রকাশ কৰি সাংসদগৰাকীয়ে প্ৰেৰণ কৰা এই পত্ৰখনত ২২টা পৰামৰ্শও আগবঢ়োৱা হৈছিল।

অধিক পঢ়ক

সকলো চাওক