ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰে

ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰাৰ বাতৰি পোৱা গৈছে। সাম্প্রদায়িক বিবাদক লৈ সূত্রপাত হোৱা এই ঘটনাত আন দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনৰ বর্তমান চিকিৎসা চলি আছে। যোৱা ১১ এপ্ৰিলত সংঘটিত হোৱা এই ঘটনাক লৈ ডুবাইত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ মাজত ভয় আৰু উত্তেজনাই বিৰাজ কৰিছে। ঘটনাত মৃত্যু হোৱা লোক দুজন তেলেংগানাৰ নিৰ্মল জিলাৰ ছোৱান মণ্ডলৰ আষ্টাপু প্রেমসাগৰ আৰু নিজামাবাদ জিলাৰ শ্ৰীনিবাস বুলি ডুবাই আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ঘটনাৰ পাছতে গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী বন্দি সঞ্জয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰে আৰু বৰ্তমান গৃহ মন্ত্ৰালয়ে এই ক্ষেত্ৰত সঘন যোগাযোগ কৰি আছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰালয়ে মৃতদেহকেইটা ভাৰতত থকা তেওঁলোকৰ পৰিয়ালক সমৰ্পন কৰাৰ নিশ্চয়তা প্ৰদান কৰিছে। ভাৰতীয় দূতাবাসৰ জৰিয়তে ডুবাই আৰক্ষীক এই সমগ্ৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ মন্ত্ৰালয়ে আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।