ডি আৰ ডি অ’ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ সহযোগিতাৰ বাবে চুক্তিত স্বাক্ষৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অ’ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গৱেষণা শিক্ষা, প্রশিক্ষণ আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত বিশিষ্ট বিজ্ঞানী আৰু প্ৰতিৰক্ষা উৎপাদন সমন্বয় আৰু সেৱা বিনিময় বিভাগৰ সঞ্চালক প্ৰধান ড০ চন্দ্ৰিকা কৌশিক আৰু বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ড০ বিমল এন পেটেলে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে দেশৰ অমৃতকালত আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ দৃষ্টিভংগীৰে প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ সৈতে জড়িত কাৰিকৰী বিষয়ত আত্মনিৰ্ভৰশীলতা সৃষ্টিৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই চুক্তিয়ে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ দিশত কৌশলগত স্বনিৰ্ভৰশীলতা বৃদ্ধি আৰু নিৰাপত্তা সম্পৰ্কীয় প্ৰস্তুতি শক্তিশালী কৰাৰ লগতে প্রযুক্তি, জ্ঞান আৰু পূৰ্বপৰিকল্পনাৰ সহায়ত সংহত ব্যৱস্থা গ্ৰহণৰ দিশত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। এই চুক্তিৰ দ্বাৰা দুয়োটা প্রতিষ্ঠানে সমন্বিতভাৱে গৱেষণা প্ৰকল্প, পি এইছ ডি আৰু দেশৰ সুৰক্ষাৰ ক্ষেত্ৰৰ সামৰ্থ্য বৰ্ধনৰ দিশত বিশেষ প্রশিক্ষণ প্ৰদানৰ বাবে জলপানি কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা নিৰাপত্তা ক্ষেত্ৰত দেখা দিয়া নিত্যনতুন প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে অধ্যয়ন, প্রযুক্তি সম্পৰ্কীয় বিশ্লেষণ আৰু ভৱিষ্যতৰ প্ৰয়োজন সম্পর্কে পূর্বাভাস দিয়াত সুবিধা হ’ব।