অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ডি আৰ ডি অই উন্নীত কৰা অস্ত্র-শস্ত্রই নির্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি সংস্থাটোৰ দায়বদ্ধতাক চিহ্নিত কৰিছে। নতুন দিল্লীত অৱস্থিত ডি আৰ ডি অ’ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংস্থাটোৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এই মন্তব্য কৰে। শ্রী সিঙে কয়, যে ডি আৰ ডি তাই ভাৰতৰ শসস্ত্র বাহিনীক অত্যাধুনিক প্রযুক্তিৰে সজ্জিত কৰি দেশৰ থলুৱা সামৰ্থক শক্তিশালী কৰি তোলাৰ বাবে সংস্থাটোক প্রশংসা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে ডি আৰ ডি অ’ৰ অস্ত্র-শস্ত্ৰসমূহে অপাৰেচন সিন্দুৰৰ সময়ত সুন্দৰভাৱে কাম কৰাৰ বাবে সেনাবাহিনীৰ লোকসকলৰ নৈতিক মনোবল বৃদ্ধি কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা সুদর্শন চক্ৰৰ সৃষ্টিৰ সময়তো ডি আৰ ডি অয়ে মুখ্য ভূমিকা গ্রহণ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্রী শ্রী সিঙে আস্থা প্রকাশ কৰে। এই পদক্ষেপৰ জৰিয়তে পৰৱৰ্তী দশকত আকাশমাৰ্গৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ডি আৰ ডি অই মুখ্য দায়িত্বভাৰ গ্ৰহণৰ নিশ্চয়তা প্রদান কৰিব। অপাৰেচন সিন্দুৰৰ সময়ছোৱাৰ সাক্ষী হোৱাৰ অভিজ্ঞতাৰে আধুনিক যুদ্ধযাত্ৰাত আকাশমাৰ্গৰ প্ৰতিৰক্ষাৰ গুৰুত্বত আলোকপাত কৰি শ্ৰী সিঙে কয়, যে ডি আৰ ডি আই আন্তৰিকতাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰিব। পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই প্ৰযুক্তিগত পৰিস্থিতি তন্ত্ৰৰ অনুকূল হোৱাকৈ আধুনিক অস্ত্রপাতি নির্মাণত ডি আৰ ডি অ’ই গুৰুত্ব আৰোপ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ সংস্থাটোক উদ্ভাৱন আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ সুবিধা হোৱাকৈ অধিক ক্ষেত্ৰত চিনাক্ত কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগ ডি আৰ ডি অ’ৰ সচিব আৰু অধ্যক্ষ ৬০ সমীৰ ভি কামাটৰ সৈতে ২০২৫ চনত সংস্থাটোৰ কৃতিত্ব আৰু চলি থকা কামকাজসমূহৰ বিষয়ে আলোচনা কৰে। ২০২৬ চনত সংস্থাটো উন্নীত কৰাৰ লক্ষ্যৰে লোৱা বিভিন্ন সংস্কাৰমূলক কাৰ্যৰো মন্ত্ৰীগৰাকীয়ে প্রশংসা কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্য মন্ত্রী সঞ্জয় সেথৰ লগতে ডি আৰ ডি অ’ৰ সঞ্চালক প্রধান, কর্পোৰেট সঞ্চালক, বিজ্ঞানী আৰু জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে।
Site Admin | January 1, 2026 8:26 PM | Rajnath Singh on DRDO
ডি আৰ ডি অ’ৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ