ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ সভাকক্ষত পর্যালোচনা সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ সভাকক্ষত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ৰেচন কাৰ্ড আদি বিভিন্ন বিষয় সন্দৰ্ভত কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

May be an image of 7 people, dais and text

এই পর্যালোচনা সভাত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গালোৰ্ছাকে ধৰি কাৰ্যবাহী সদস্য, সদস্যসকলৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।