ডাউনলোড
মোবাইল এপ

android apple
signal

September 4, 2024 6:16 PM

printer

ডিমা হাছাওত বাণিজ্যিক যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

সঘনাই হৈ থকা বৰষুণৰ ফলত ভিন ভিন পথকে ধৰি বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ লগতে পথ নিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাও জিলাৰ অন্তৰ্গত জাতিংগাৰ পৰা হাৰাংহাজাওৰ মাজত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু পৰিমাণে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই অনুসৰি ২৪ ফুটতকৈ অধিক দৈৰ্ঘ্যৰ ট্ৰাক আৰু ট্ৰেইলাৰকে ধৰি ১২ চকীয়া অথবা তাতকৈ অধিক সংখ্যক চকাৰে চলাচল কৰা গধূৰ বাণিজ্যিক যান-বাহনৰ চলাচল এই পথছোৱাত সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে। বৰাক উপত্যকালৈ অহা-যোৱা কৰিবলগীয়া এনেধৰণৰ গধূৰ যান-বাহনসমূহ পৰৱৰ্তী আদেশ নিদিয়া পর্যন্ত মেঘালয় হৈ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰোৱাৰ বাবে অনুৰোধ জনোৱা হৈছে বুলি অসম আৰক্ষীৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক