ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ চেক প্রদান

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ প্ৰদান কৰিব। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক এই চেক প্রদান কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে ৷ অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ভৱিষ্যতে ৪০ লাখ মহিলাই ৮৫ হাজাৰ টকা পৰ্যন্ত উদ্যমিতা পুঁজি লাভ কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত নিশ্চিতভাৱে যুগান্তকাৰী পৰিৱৰ্তন আহিব। ড° শৰ্মাই কালি এই আঁচনিৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ ৩৬ হাজাৰ ৮৮৬ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। তেওঁ লগতে চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু আই টি আই কেন্দ্ৰসমূহক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ আঁচনিৰ অধীনত ধেমাজি পলিটেকনিক প্ৰতিষ্ঠানত নিৰ্মাণ কৰা মেৰামতি কেন্দ্ৰ আৰু প্ৰযুক্তি গৱেষণাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ড° শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত পঞ্চদশ বিত্তীয় আয়োগৰ স্বাস্থ্য অনুদান আঁচনিৰ পুঁজিৰে ধেমাজি জিলাৰ চিমেন চাপৰি উপ-স্বাস্থ্য কেন্দ্ৰত ৩০ খন বিছনাযুক্ত সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে।