ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 9, 2025 7:15 PM | Badminton

printer

ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে সদৌ অসম প্রাইজমানি মিডিয়া বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত

ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে আয়োজিত সদৌ অসম প্রাইজমানি মিডিয়া বেডমিণ্টন প্রতিযোগিতাৰ একক শাখাত বিকিৰণ সোণোৱালে বিজয়ীৰ সন্মান লাভ কৰে। নাহৰকটিয়া প্ৰেছ ক্লাৱৰ বিকিৰণ সোণোৱালে ডিব্ৰুগড়ৰ স্বপ্নশ্ৰী গোস্বামীক ১৫-৯, ১৫-০৮ পইণ্টৰ পোনপটীয়া ছেটত পৰাজিত কৰি জয়লাভ কৰে। দ্বৈত শাখাত নাহৰকটিয়া প্ৰেছ ক্লাৱৰ বিকিৰণ সোণোৱাল আৰু দিপাংকৰ কাকতিয়ে ডিব্ৰুগড়ৰ স্বপ্নশ্ৰী গোস্বামী আৰু সন্তোষ যাদৱক ১৫-৮, ১৫–১০ৰ পোনপটীয়া ছেটত পৰাজিত কৰি বিজয়ীৰ সন্মান লাভ কৰে। মহিলাৰ শাখাত নিউজ লাইভৰ ৰেচমা হায়দৰে এন ডি ২৪ৰ প্ৰিয়ংকা সেনাপতিক ১১-২, ১১-০৬ ত পোনপটীয়া ছেটত পৰাস্ত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰে। আজি জিলা ক্রীড়া সন্থাৰ চৌকিদিঙিস্থিত ইনদোৰ ষ্টেডিয়ামত অনুষ্ঠিত পুৰস্কাৰ বিতৰণি অনুষ্ঠানত প্ৰেছ ক্লাৱৰ সভাপতি মানস জ্যোতি দত্তই সভাপতিত্ব কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকিৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জীতেন হাজৰিকা, অইল ইণ্ডিয়া লিমিটেডৰ মাধুৰ্য্য বৰুৱা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জয় কুমাৰ কাকতি আদি উপস্থিত থাকে। অনুষ্ঠানত স্বর্ণজ্যোতি শীর্ষক এখন স্মৰণিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জীতেন হাজৰিকাই উন্মোচন কৰে।