ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্রিম বানত শোচনীয় পৰিস্থিতি

ডিব্ৰুগড় চহৰত কৃত্রিম বানৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডতে কৃত্রিম বানে শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। চহৰখনৰ মূল ৰাজপথকে ধৰি বিস্তীর্ণ অঞ্চল জলমগ্ন হৈছে। বিগত তিনি দিন ধৰি ডিব্ৰুগড় চহৰবাসী জলবন্দী হৈ আছে। ইফালে চহৰৰ মাজমজিয়াত অৱস্থিত আৰক্ষী চাউনীত কৃত্রিম বানে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। চাউনীৰ দুই শতাধিক বাসগৃহ বানত বুৰ যোৱাৰ বাবে বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়া হৈছে। বহু পৰিয়ালে আবাস গৃহ এৰি ভাড়া ঘৰত আশ্ৰয় লৈছে। খোৱা পানীৰ অভাৱত পৰা আবাসিসকলে আহ-যাহ কৰিবলৈ নাৱৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে। এই ৱাৰ্ডসমূহৰ উপৰি ৩৭ নম্বৰ ঘাইপথ, গ্রাহাম বজাৰ আৰু বাণীপুৰ কনভয় ৰোডৰ লগতে চহৰখনৰ জালুকপাবা পথ, জে’ল বোড, পি এন বোড, লোহাৰপট্টী, বি চি দাস পথ, কে চি গগৈ পথ, নতুন নির্মালী গাঁও, লাচিত নগৰ আদিত কৃত্রিম বানে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।